সোণাৰি: সোণাৰিত কমাৰ্চ কলেজৰ শ্ৰেণীকক্ষৰ নিৰ্মাণকাৰ্যৰ আধাৰশিলা স্থাপন কৰি সকলোৰে আশীৰ্বাদ বিছাৰিলে সাংসদ তপন কুমাৰ গগৈয়ে
সাংসদ উন্নয়ন পুঁজিৰ অধীনত ১০ লাখ টকা ব্যয়েৰে নিৰ্মাণ হ'বলগীয়া সোণাৰি কমাৰ্চ কলেজৰ "শ্ৰেণীকক্ষ"ৰ নিৰ্মাণকাৰ্যৰ আধাৰশিলা স্থাপন কৰে সাংসদ তপন কুমাৰ গগৈয়ে। সাংসদৰ সৈতে সোণাৰি মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ বিমল চন্দ্ৰ গগৈ, সোণাৰি বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ, অধ্যাপক-অধ্যাপিকা আৰু শিক্ষাৰ্থীসকল উপস্থিত থাকে।