*বৰ্ণাঢ্য কাৰ্যসূচীৰে মৰিগাঁৱত ৩৮ সংখ্যক জিলা দিৱস উদযাপন, শ্বহীদক শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ লগতে জনসজাগতা বৃদ্ধিৰ পদক্ষেপ*
গৌৰৱোজ্জ্বল ইতিহাসৰ স্মৰণ, শ্বহীদসকলৰ অতুলনীয় ত্যাগৰ প্ৰতি গভীৰ শ্ৰদ্ধা নিবেদন আৰু ঐক্য-সম্প্ৰীতিৰ এনাজৰী অধিক সুদৃঢ় কৰাৰ লক্ষ্যৰে মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত মঙলবাৰে বৰ্ণাঢ্য কাৰ্যসূচীৰে ৩৮ সংখ্যক মৰিগাঁও জিলা দিৱস উদযাপন কৰা হয়। জিলাখনৰ ঐতিহ্য আৰু গৌৰৱময় পৰিচয়ক নতুন প্ৰজন্মৰ মাজলৈ লৈ যোৱাৰ লগতে নাগৰিক দায়বদ্ধতা আৰু জনসাধাৰণৰ সক্ৰিয় অংশগ্ৰহণ বৃদ্ধিৰ বাৰ্তাৰে দিনজোৰা কাৰ্যসূচী ৰূপায়ণ কৰা হয়।
এই উপলক্ষে মৰিগাঁও বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক শ্ৰী ৰমাকান্ত দেউৰী মুখ্য অতিথি হিচাপে উপস্থিত থাকে। অনুষ্ঠানত মৰিগাঁৱৰ জিলা আয়ুক্ত শ্ৰীমতী সৃষ্টী সিং, আই এ এছ; জিলা উন্নয়ন আয়ুক্ত শ্ৰীমতী অৰ্পা বাগলাৰী, এ চি এছ; অতিৰিক্ত জিলা আয়ুক্ত শ্ৰী ৰাকেশ ডেকা, এ চি এছ আৰু ড° নিলাক্ষী বৈশ্য; সহকাৰী আয়ুক্ত শ্ৰী শুভংকৰ হোৰে, এ চি এছৰ লগতে মৰিগাঁও জিলা প্ৰশাসনৰ অন্যান্য বিষয়াসকল উপস্থিত থাকে।
জিলা দিৱসৰ কাৰ্যসূচীৰ অংশ হিচাপে মৰিগাঁও জিলা আয়ুক্তৰ কাৰ্যালয় চৌহদত শ্বহীদ তিলক ডেকা, শ্বহীদ হেমৰাম পাটৰ আৰু শ্বহীদ গুণাভিৰাম বৰদলৈৰ আবক্ষ মূৰ্তিত পুষ্পাঞ্জলি অৰ্পণ কৰি তেওঁলোকৰ মহান ত্যাগৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰা হয়। ইয়াৰ উপৰি চৰকাৰী কাৰ্যালয় আৰু ৰাজহুৱা প্ৰতিষ্ঠানসমূহত স্বচ্ছতা অভিযান ৰূপায়ণ কৰাৰ লগতে বিদ্যালয় আৰু মহাবিদ্যালয়সমূহত ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণেৰে কুইজ, চিত্ৰাংকন আৰু সংগীত প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। জিলা দিৱস উপলক্ষে চৰকাৰী কাৰ্যালয়সমূহত বন্তি প্ৰজ্বলনৰ বাবেও প্ৰস্তুতি চলোৱা হয়।
জিলা দিৱসৰ মূল কাৰ্যসূচীসমূহ ১৪ অক্টোবৰত অব্যাহত থাকিব। সেইদিনা তৰুণৰাম ফুকন খেল পথাৰ ত ৩৮খন জিলা দিৱসৰ পতাকা উত্তোলন, ‘মৰিগাঁও জিলা দিৱস’ শীৰ্ষক বাৰ্তাৰে মানৱ শৃংখল গঠন, জিলা দিৱসৰ বিষয়বস্তুৰ আধাৰত ৰচিত গীত পৰিৱেশন, বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা, সজাগতামূলক দেৱাল-চিত্ৰ অংকন আৰু বাটৰ নাট প্ৰদৰ্শনকে ধৰি বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব। ইয়াৰ লগতে নিৰ্ধাৰিত স্থানসমূহত বন্তি প্ৰজ্বলন কৰি জিলাখনৰ ঐক্য, সম্প্ৰীতি আৰু সামূহিক গৌৰৱৰ মনোভাৱ প্ৰকাশ কৰা হ’ব
অনুষ্ঠানত সংবাদ মাধ্যমৰ প্ৰতিনিধিসকলৰ ভিতৰত গ্রাম্য পুথিভঁৰাল সন্থাৰ সভাপতি তথা জ্যেষ্ঠ সাংবাদিক প্রতাপ হাজৰিকা মৰিগাঁও প্ৰেছ ক্লাবৰ সভাপতি তথা জ্যেষ্ঠ সাংবাদিক শ্ৰী অজিত শৰ্মা আৰু বৰ অসম কাকতৰ সম্পাদক ড° বিৰিঞ্চি শৰ্মাৰ লগতে আন কেইবাগৰাকীও সংবাদকৰ্মী উপস্থিত থাকে।
দুদিনীয়া এই উদযাপনৰ জৰিয়তে জিলাখনৰ জনসাধাৰণৰ মাজত আপোনত্বৰ অনুভূতি শক্তিশালী কৰা, জনসাধাৰণৰ সক্ৰিয় অংশগ্ৰহণ বৃদ্ধি কৰা আৰু মৰিগাঁৱৰ ঐতিহ্য তথা উন্নয়নৰ সামূহিক লক্ষ্যসমূহ উদযাপন কৰাৰ প্ৰয়াস কৰা হৈছে।