বিহপুৰীয়া: বিহপুৰীয়াত উপস্থিত শোণিতপুৰ লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী ৰঞ্জিত দত্ত, জ্যেষ্ঠ নাগৰিকৰ লগত মত বিনিময়
আজি পুৱা ৯ বজাত বিহপুৰীয়াত উপস্থিত হয় ১১নং শোণিতপুৰ লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী ৰঞ্জিত দত্ত। বিহপুৰীয়াৰ জ্যেষ্ঠ নাগৰিকৰ কাৰ্যালয়ত উপস্থিত হৈ প্ৰাৰ্থীজনে নাগৰিকসকলৰ লগত মত বিনিময় কৰাৰ লগতে তেওঁলোকৰ অভাৱ-অভিযোগৰ বুজ লয়।