সাপেখাতী: বৰপথাৰত মুখ্যমন্ত্রী অসম আদর্শ গাঁও যোজনাৰ আঁচনি ৰূপায়ণৰ সভাত গুৱাহাটীৰ ডেপুটি চেকেটাৰী পঞ্চমী চৌধুৰী
মংগলবাৰে আবেলি ১২-৩০বজাত বৰপথাৰত মুখ্যমন্ত্রী অসম আদর্শ গাঁও যোজনাৰ অধীনত আঁচনি ৰূপায়ণৰ সন্দৰ্ভত সাপেখাতী আঞ্চলিক পঞ্চায়তৰ সভাপতি বিপ্লৱ বৰুৱাৰ পৌৰোহিত্বত অনুষ্ঠিত সভা খন আঁত ধৰে ভাৰতীয় জনতা যুৱ মৰ্চা বৰহাট মণ্ডলৰ সম্পাদক হেমন্ত সোণোৱালে।উদ্দেশ্যে ব্যাখ্যা কৰে নাহৰপুখুৰী গাওঁ পঞ্চায়তৰ সচীপ ললিত বৰগোহাঁই।সভাত পৰ্যবেক্ষক হিচাপে উপস্থিত থাকে গুৱাহাটীৰ ডেপুটি চেকেটাৰী পঞ্চমী চৌধুৰী,সাপেখাতী উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া বনজ্যোস্না বৰগোহাঁই ।