সাপেখাতী: ভোগবাৰীত চাওঁতাল জনগোষ্ঠীৰ গুৰুত্বপূৰ্ণ সভাত চাওঁতাল মাঝি মণ্ডলৰ কেন্দ্ৰীয় সমিতিৰ মুখ্য সাংগঠনিক সম্পাদক স্বপন হেমৰম
সোমবাৰে ৪-৩০বজাত চাওঁতাল জনগোষ্ঠীৰ উদ্যোগত ভোগবাৰীত অনুষ্ঠিত এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়।সভাত চাওঁতাল জনগোষ্ঠীৰ ভাষা ভাষা,সাহিত্য চৰ্চা প্ৰচাৰ আৰু প্ৰসাৰ কৰাৰ লগতে সাপেখাতীত অনুষ্ঠিত হ'ব লগা বাহা সন্মিলন সুন্দৰ ৰূপত অনুষ্ঠিত কৰা সন্দৰ্ভত আলোচনা কৰা হয়।সভাত চাওঁতাল মাঝি মণ্ডলৰ কেন্দ্ৰীয় সমিতিৰ মুখ্য সাংগঠনিক সম্পাদক স্বপন হেমৰমৰ প্ৰমুখ্যে কেইবাজনো মাঝি বাবাই অংশগ্ৰহণ কৰে।