সাপেখাতী: বৰহাট আৰক্ষী থানাৰ সাফল্য, বৰহাটৰ নিৰুদ্দিষ্ট যুৱতী অৰুণাচলত উদ্ধাৰ
দেওবাৰে সন্ধিয়া ৫ঃ৩০ বজাত নিৰুদ্দিষ্ট ৰিংকি ভৌমিক নামৰ ২৮ বছৰীয়া এগৰাকী যুৱতীক বৰহাট আৰক্ষী থানাই চুবুৰীয়া ৰাজ্য অৰুণাচলৰ ডাপৰিজ অ' থানাৰ সহযোগত শোভনশ্ৰীৰ পৰা উদ্ধাৰ কৰে।উল্লেখ্য যে বৰহাট আৰক্ষী থানাৰ অন্তৰ্গত পূব নলবৰীয়া গাঁৱৰ নিবাসী কালিপদ ভৌমিকৰ কন্যা ৰিংকি ভৌমিক যোৱা ২৩জানুৱাৰী পৰা নিৰুদ্দেশ হৈ আছিল।যুৱতী গৰাকীক বৰহাট আৰক্ষী থানাই পৰিয়ালক চমজাই দিয়ে।