সাপেখাতী: সৰুপথাৰত উজনি অসম ভিত্তিত অনুষ্ঠিত প্ৰাইজমাণি ভলীবল খেলত বিজেপি যুৱ মৰ্চা, চৰাইদেউ জিলা সমিতিৰ সভাপতি ৰূপম গগৈ
দেওবাৰে আবেলি ৪-৩০বজাত নাহৰপুখুৰী-সৰুপথাৰ ভলীবল ক্লাৱৰ উদ্যোগত তথা বিজেপি যুৱ মৰ্চা, বৰহাট মণ্ডলৰ সহযোগত নাহৰপুখুৰী-সৰুপথাৰ ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত এদিনীয়া উজনি অসম ভিত্তিত প্ৰাইজমাণি ভলীবল প্ৰতিযোগিতা খন উদ্বোধন কৰে বিজেপি যুৱ মৰ্চা চৰাইদেউ জিলা সমিতিৰ সভাপতি ৰূপম গগৈয়ে।প্ৰতিযোগিতাত উজনি অসমৰ ১২দলে অংশগ্ৰহণ কৰে বুলি উদ্যোক্তা সকলে জনাইছে।