বিহপুৰীয়া: ডিক্ৰং গাঁও পঞ্চায়তৰ বালিগাঁও বুথ কংগ্ৰেছ সমিতিৰ নিৰ্বাচনী সভা অনুষ্ঠিত, জিলা কংগ্ৰেছৰ সভাপতি গগন বৰাৰ অংশগ্ৰহণ
আজি দিনৰ প্ৰায় ১২ বজাত ডিক্ৰং গাঁও পঞ্চায়তৰ বালিগাঁও বুথ কংগ্ৰেছ সমিতিৰ এখন নিৰ্বাচনী সভা অনুষ্ঠিত হয় ৷ ১২ নং লখিমপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত ডিক্ৰং গাঁও পঞ্চায়তৰ বালিগাঁও বুথৰ এই সভাত সভাপতিত্ব কৰে ডিক্ৰং মণ্ডল কংগ্ৰেছৰ সভাপতি ৰঞ্জিত শৰ্মাই। ব্লক কংগ্ৰেছ সমিতিৰ সম্পাদক প্ৰমোদ শমাই আঁতধৰা সভাত উপস্থিত থাকি জিলা কংগ্ৰেছৰ সভাপতি গগন বৰাই বিজেপি দলক ক্ষুৰধাৰ সমালোচনা কৰে ৷