*মৰিগাঁৱৰ ৬৬,৫৯৪ গৰাকী কৃষকৰ একাউণ্টত সোমাল পি. এম. কিষাণ আঁচনিৰ ধন*
মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই শনিবাৰে বিয়লি পশ্চিমবংগৰ তাৰাকেশ্বৰৰ পৰা “পি এম কিষাণ উৎসৱ দিৱস” কাৰ্যসূচী উপলক্ষে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনিৰ ২৩ সংখ্যক কিস্তি আনুষ্ঠানিকভাৱে মুকলি কৰে। সমগ্ৰ দেশৰ লগতে মৰিগাঁও জিলা কৃষি বিভাগেও জিলা কৃষি কাৰ্যালয়, কৃষি বিজ্ঞান কেন্দ্ৰ আৰু প্ৰতিটো উন্নয়ন খণ্ড সামৰি অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰৰ আয়োজন কৰে। এই উপলক্ষে কপিলী উন্নয়ন খণ্ডৰ অধীনত চৰাইবাহী গাঁও পঞ্চায়তত কেন্দ্ৰীয় ভাৱে আয়োজিত অনুষ্ঠানত মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰী মূখ্য অতিথি হিচাপে উপস্থিত থাকে। জিলা কৃষি বিষয়া দিলীপ কুমাৰ বৰাৰ সঞ্চালনাত আয়োজিত অনুষ্ঠানত চৰকাৰৰ দ্বাৰা কৃষি বিভাগৰ অধীনত ৰূপায়িত জন হিতৈষী আঁচনি সমূহৰ বিষয়ে বিষদভাৱে আলোচনা কৰাৰ লগতে আঁচনি সমূহৰ সুবিধা গ্ৰহণৰ জৰিয়তে লাভাম্বিত হ'বলৈ বিধায়ক গৰাকীয়ে উপস্থিত কৃষক ৰাইজক আহ্বান জনায়। উল্লেখ্য যে, দেশৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে সমগ্ৰ দেশৰ প্ৰায় ৯.৪৪ কোটি কৃষকে আঁচনিৰ অনুদান লাভ কৰাৰ লগতে মৰিগাঁও জিলাত প্ৰায় ৬৬,৫৯৪ গৰাকী কৃষকে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ অনুদান লাভ কৰিবলৈ সক্ষম হৈছে। এই অনুষ্ঠানৰ অংশ স্বৰূপে কৃষি বিজ্ঞান কেন্দ্ৰৰ সহযোগত ঝাৰগাঁও স্থিত জিলা কৃষি বিজ্ঞান কেন্দ্ৰৰ সভাকক্ষৰ লগতে প্ৰতিটো উন্নয়ন খণ্ড, সামূহিক সেৱা কেন্দ্ৰ আৰু গাঁও পঞ্চায়ত পৰ্যায়ত এই অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰৰ ব্যৱস্থা কৰা হয়। আজি আয়োজিত প্ৰতিটো অনুষ্ঠানত জিলা কৃষি বিভাগৰ মহকুমা কৃষি বিষয়া, কৃষি উন্নয়ন বিষয়া, কৃষি পৰিদৰ্শক, কৃষি সম্প্ৰসাৰণৰ সহায়ক সকলৰ লগতে সংশ্লিষ্ট বিষয়া কৰ্মচাৰী সকল উপস্থিত থাকে।