লাহৰীঘাটৰ জেংপৰিত গৰু চুৰি কাৰ্যত ব্যৱহৃত AS01AP 4743 নম্বৰৰ এখন বিলাসী বাহন উদ্ধাৰ।ভূৰাগাঁও থানাৰ অন্তৰ্গত আমবাগান গাঁৱত শেষনিশা চুৰি হোৱা এহাল গৰুৰ খোঁজৰ চিনেৰে আগুৱাই গৈ ৰাইজে জেংপৰি গাঁৱত এই গাড়ীখনৰ লগতে উদ্ধাৰ কৰিছে চুৰি গৰু হাল । ৰাইজৰ উপস্থিতিৰ বাবে চোৰে গাড়ীখন এৰি পলায়ন কৰিছে। গাড়ীখনৰ ভিতৰত কাপোৰ আৰু গৰু বন্ধা ৰচী প্ৰত্যক্ষ কৰিছে স্থানীয় ৰাইজে।
Laharighat, Morigaon | Jul 12, 2026