মৰিগাঁও জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মিলন কক্ষত জিলা আয়ুক্ত শ্ৰীমতী অনামিকা তেৱাৰী, ACS-ৰ সভাপতিত্বত এক পৰ্যালোচনা সভা অনুষ্ঠিত হয়।
সভাত জনস্বাস্থ্য কাৰিকৰী (PHE) বিভাগৰ কাৰ্যবাহী অভিযন্তা বাবুল বড়ো আৰু কনিষ্ঠ অভিযন্তা পাৰ্থ জ্যোতি নাথ উপস্থিত থাকে। সভাত অৱগত কৰা হয় যে জল জীৱন মিছন (JJM) আঁচনিৰ অধীনত জিলাখনৰ ১,২০০ৰো অধিক অংগনৱাড়ী কেন্দ্ৰলৈ বিশুদ্ধ খোৱা পানীৰ সুবিধা প্ৰদান কৰা হৈছে। কিন্তু বৰ্তমান সময়ত এই আঁচনিসমূহৰ এক বৃহৎ অংশ বিকল হৈ থকাটো পৰিলক্ষিত হৈছে।
এই বিষয়ত গুৰুত্ব আৰোপ কৰি জিলা আয়ুক্তগৰাকীয়ে ১৫ সংখ্যক বিত্ত আয়োগৰ পুঁজিৰে বিকল হৈ থকা পানী যোগান আঁচনিসমূহ অতি শীঘ্ৰে মেৰামতি আৰু পুনৰ কাৰ্যক্ষম কৰি তুলিবলৈ বিভাগীয় কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে।