সাপেখাতী: বৰহাটত চাওঁতাল ছাত্র সন্থাৰ গুৰুত্বপূৰ্ণ সভাত চাওঁতাল মাঝি মণ্ডলৰ কেন্দ্ৰীয় সমিতিৰ মুখ্য সাংগঠনিক সম্পাদক স্বপন হেমৰম
শনিবাৰে চাৰিটা বজাত চাওঁতাল ছাত্র সন্থা বৰহাট আঞ্চলিক সমিতিৰ উদ্যোগত এখন গুৰুত্বপূৰ্ণ সভা এছু বৰহাট আঞ্চলিক সমিতিৰ সভাপতি ৰাজু মাৰ্ডিৰ পৌৰোহিত্বত অনুষ্ঠিত হয়। সভাত সংগঠনৰ সাংগঠনিক দিশ শক্তিশালী কৰাৰ লগতে ভাষা,সাহিত্য চৰ্চা প্ৰচাৰ আৰু প্ৰসাৰ কৰাৰ লগতে সাপেখাতীত অনুষ্ঠিত হ'ব লগা বাহা সন্মিলন সুন্দৰ ৰূপত অনুষ্ঠিত কৰা সন্দৰ্ভত আলোচনা কৰা হয়।