সোণাৰি: যিমান ভোটত জয়ী হৈছিলো তাতকৈ ৰেকৰ্ড সংখ্যক ভোটত গৌৰৱ গগৈক জিকাম, লাকুৱাত বিধায়ক অখিল গগৈৰ মন্তব্য
সোমবাৰে কেইবাটাও স্থানত গৌৰৱ গগৈয়ে নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি প্ৰচাৰ চলোৱা পৰিলক্ষিত হয়। গৌৰৱ গগৈক সংগ দিয়ে বিধায়ক অখিল গগৈয়ে। লাকুৱাৰ এখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি বিধায়ক অখিল গগৈয়ে কয় যে, মই যিমান ভোটত জয়ী হৈছিলো তাতকৈ ৰেকৰ্ড সংখ্যাক ভোটত গৌৰৱ গগৈক জিকাম।