১৩ অক্টোবৰ ২০২৬ তাৰিখে লাহৰিঘাট বিধানসভা সমষ্টিৰ লাহৰিঘাট উন্নয়ন ব্লকত ‘সেৱা সংকল্প অভিযান’ৰ অধীনত আশা কৰ্মী আৰু আশা চুপাৰভাইজাৰসকলৰ মাজত এককালীন প্ৰেৰণাদায়ক মাননীৰ চেক আৰু প্ৰশংসাপত্ৰ বিতৰণ কাৰ্যসূচী সফলতাৰে অনুষ্ঠিত হয়।
এই কাৰ্যসূচীত নগাঁও লোকসভা সমষ্টিৰ সাংসদ দেবাশীষ শৰ্মাৰ লগতে, লাহৰীঘাট ৰাজহ চক্ৰ বিষয়া, যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক,জিলা DPM,DFPC,
DME, DCM আৰু লাহৰীঘাটৰ মহকুমা চিকিৎসা ও স্বাস্থ্য বিষয়া, লাহৰীঘাট মডেল হাস্পতালৰ উপ অধীক্ষক, জিলা যক্ষ্মা বিষয়া, লাহৰীঘাট খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ বিষয়াসকল উপস্থিত থাকে।তদপুৰি আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে সমাজ কৰ্মী দিব্যজ্যোতি নেওগ, সমাজ কৰ্মী মনজ্যোতি বৰা, জিলা পৰিষদ সদস্য আবু জহিৰ আৰু ছাবিকুন নাহাৰ।
জনসাধাৰণৰ মাজত স্বাস্থ্যসেৱা প্ৰদানৰ ক্ষেত্ৰত আশা কৰ্মী আৰু আশা চুপাৰভাইজাৰসকলে আগবঢ়াই অহা নিষ্ঠা, দায়বদ্ধতা আৰু নিৰলস সেৱাৰ স্বীকৃতি প্ৰদান কৰাই এই পদক্ষেপৰ মূল উদ্দেশ্য। তৃণমূল পৰ্যায়ত স্বাস্থ্যসেৱা ব্যৱস্থাক অধিক শক্তিশালী কৰি তোলাৰ ক্ষেত্ৰত তেওঁলোকৰ অৱদান অতুলনীয়।
তেওঁলোকৰ নিষ্ঠাৰ স্বীকৃতি, সেৱাৰ প্ৰতি সন্মান আৰু জনস্বাস্থ্য ব্যৱস্থা শক্তিশালী কৰাৰ এক প্ৰয়াস।