*আন্তঃৰাষ্ট্ৰীয় মাদক দ্ৰব্যৰ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস উপলক্ষে DIET মৰিগাঁৱৰ সজাগতা কাৰ্যসূচী*
মৰিগাঁও, ২৬ জুন: আন্তঃৰাষ্ট্ৰীয় মাদক দ্ৰব্যৰ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস উপলক্ষে নশা মুক্ত ভাৰত অভিযানৰ অধীনত জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান (DIET), মৰিগাঁৱে এক সজাগতা কাৰ্যসূচীৰ আয়োজন কৰে। সমাজত মাদক দ্ৰব্যৰ অপব্যৱহাৰ ৰোধ কৰা আৰু শিক্ষাৰ্থীসকলৰ মাজত সজাগতা সৃষ্টিৰ লক্ষ্যৰে এই কাৰ্যসূচী অনুষ্ঠিত হয়।
অনুষ্ঠানত অতিৰিক্ত জিলা আয়ুক্ত নীতিশা বৰা মুখ্য অতিথি হিচাপে উপস্থিত থাকে। নিজৰ ভাষণত তেওঁ মাদক দ্ৰব্যৰ অপব্যৱহাৰ ৰোধত শিক্ষানুষ্ঠান, চৰকাৰ, অভিভাৱক আৰু সমাজৰ সমন্বিত প্ৰচেষ্টাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। লগতে তেওঁ শিক্ষাৰ্থীসকলক সকলো ধৰণৰ নিচাজাতীয় সামগ্ৰীৰ পৰা আঁতৰি থাকি 'নশা মুক্ত ভাৰত' গঢ়াৰ ক্ষেত্ৰত সক্ৰিয় ভূমিকা গ্ৰহণ কৰিবলৈ আহ্বান জনায়।
অনুষ্ঠানত ড° জয়া বড়ো, ন'ডেল বিষয়া, এ এক তথ্যসমৃদ্ধ পাৱাৰপইণ্ট উপস্থাপনা আগবঢ়ায়। উপস্থাপনাত মাদক দ্ৰব্যৰ অপব্যৱহাৰৰ কু-প্ৰভাৱ, ইয়াৰ সামাজিক আৰু স্বাস্থ্যজনিত ক্ষতিকাৰক দিশ, প্ৰতিৰোধমূলক ব্যৱস্থা আৰু নশা মুক্ত ভাৰত অভিযানৰ লক্ষ্য-উদ্দেশ্য সম্পৰ্কে বিস্তৃতভাৱে আলোচনা কৰা হয়। লগতে দেশক মাদকমুক্ত কৰাৰ ক্ষেত্ৰত যুৱ সমাজৰ দায়িত্ব আৰু ভূমিকা সম্পৰ্কেও আলোকপাত কৰা হয়।
এই অনুষ্ঠানত DIET মৰিগাঁৱৰ অধ্যক্ষ, শিক্ষক-শিক্ষয়িত্ৰী, কৰ্মচাৰী আৰু শিক্ষাৰ্থীসকল উপস্থিত থাকি সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে। DIET মৰিগাঁৱে সময়ে সময়ে এনে সজাগতা কাৰ্যসূচী আয়োজন কৰি যুৱ সমাজৰ মাজত সচেতনতা বৃদ্ধিৰ লগতে নশা মুক্ত ভাৰত অভিযানক অধিক শক্তিশালী কৰি আহিছে।
অনুষ্ঠানৰ অন্তত উপস্থিত সকলোয়ে মাদকমুক্ত ভাৰত গঢ়াৰ সংকল্প গ্ৰহণ কৰাৰ লগতে সমাজৰ প্ৰতিটো স্তৰত মাদকবিৰোধী সজাগতা বিস্তাৰ কৰাৰ প্ৰতিশ্ৰুতি ব্যক্ত কৰে।