আজি মৰিগাঁও অসামৰিক চিকিৎসালয়ত Pediatric Intensive Care Unit (PICU)-ৰ শুভ উদ্বোধন মাননীয় মৰিগাঁও সমষ্টিৰ বিধায়ক মহোদয়, মৰিগাঁও জিলাৰ মাননীয়া উপায়ুক্ত, অতিৰিক্ত উপায়ুক্ত (স্বাস্থ্য), যুটীয়া স্বাস্থ্য সঞ্চালক মহোদয় আৰু স্বাস্থ্য বিভাগৰ অন্যান্য জ্যেষ্ঠ বিষয়াসকলৰ গৌৰৱময় উপস্থিতিত সম্পন্ন হয়।
PICU-ৰ শুভাৰম্ভে মৰিগাঁও জিলাৰ লগতে ওচৰ-পাজৰৰ অঞ্চলৰ গুৰুতৰ অসুস্থ শিশুসকলৰ বাবে উন্নতমানৰ চিকিৎসা সেৱা নিশ্চিত কৰাৰ ক্ষেত্ৰত এক নতুন অধ্যায়ৰ সূচনা কৰিলে। এই সুবিধাই জৰুৰী চিকিৎসা অধিক সুলভ কৰাৰ লগতে শিশুমৃত্যুৰ হাৰ হ্ৰাস কৰাত উল্লেখযোগ্য ভূমিকা পালন কৰিব বুলি আশা কৰা হৈছে।