বইটামাৰী: যোগীঘোপা থানাত হাহাকাৰ, আৰক্ষীৰ চকুত ধূলি দি থানাৰ পৰা পলাল দুটা চোৰ
হাহাকাৰ যোগীঘোপা আৰক্ষী থানাত।স্মাৰ্ট আৰক্ষীৰ যোগীঘোপা থানাৰ পৰা পলায়ন দুজনকৈ চোৰ ।যোগীঘোপা আৰক্ষীয়ে ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা খেদি খেদি আটক কৰিল এজনক,আনজনক বিচাৰি হাবাথুৰি খাইছে যোগীঘোপা আৰক্ষীয়ে।আজি ৰাতিপুৱাৰ ভাগত ৰাইজে চোৰ দুজনক আটক কৰি যোগীঘোপা আৰক্ষীক গতাই দিছিল।আৰক্ষীয়ে আটক কৰি থানালৈ আনি তদন্ত অব্যাহত ৰাখিছিল।পিছত সুবিধা বুজি আৰক্ষীৰ চকুৰ আগৰে পৰা পলায়ন কৰে চোৰ দুজন।চোৰ দুজনৰ নাম আৰু সবিশেষ বৰ্তমানো জানিব পৰা হোৱা নাই।