◾ ওদালগুৰিত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত অসম সাহিত্য সভাৰ ষষ্ঠ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক অধিৱেশন আৰু জনগোষ্ঠীয় সমাৰোহৰ সামৰণি।
◾ কালি সামৰণিৰ দিনা ড° বসন্ত কুমাৰ গোস্বামীৰ সভাপতিত্বত অনুষ্ঠিত কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাত অসমীয়া ভাষা আৰু বিভিন্ন জনগোষ্ঠীৰ ভাষাৰ উত্তৰণ সন্দৰ্ভত বিস্তৃত আলোচনা।
◾ ভূপেন হাজৰিকাৰ সংগীত তামিল, তেলুগুকে ধৰি ৯টা ভাষালৈ অনুবাদ কৰাৰ প্ৰস্তাৱ গ্ৰহণ।
◾ জুবিন গাৰ্গৰ জন্মদিন ‘জুবিন গাৰ্গ দিৱস’ হিচাপে পালন কৰাৰ লগতে ১০০ৰো অধিক গীতৰ সংকলন প্ৰকাশৰ সিদ্ধান্ত।
◾ জুবিন গাৰ্গৰ আগন্তুক জন্মদিনত সমগ্ৰ অসমত একে সময়তে ১ লাখ লোক সমবেত হৈ ‘মায়াবিনী’ গীত পৰিৱেশনৰ সিদ্ধান্ত।