পুনৰ বহিঃৰাজ্যত অসমৰ যুৱকৰ ৰহস্যজনক মৃত্যু
বাংগালুৰুৰ মাৰাথহল্লী ব্ৰিজৰ সমীপৰ লক্ষ্মী নাৰায়ণ টেম্পল নামৰ ঠাইত শিৱসাগৰৰ যুৱক দ্বীপ জ্যোতি বেজবৰুৱাৰ মৃতদেহ উদ্ধাৰ।
কৰ্মসূত্ৰে বহিঃৰাজ্যত থকা যুৱকজন বগীদল বাম সন্দিকৈ গাঁৱৰ বাসিন্দা দুলাল বেজবৰুৱা আৰু হীৰুমণি বেজবৰুৱাৰ পুত্ৰ বুলি জানিব পৰা গৈছে।
ৰেল লাইনৰ কাষত উদ্ধাৰ কৰা হয় যুৱকজনৰ মৃতদেহ। যুৱকজনৰ মৃত্যুক লৈ পৰিয়ালৰ মাজত সৃষ্টি হৈছে ৰহস্য আৰু শোকৰ ছাঁ।
ইফালে, দুৰ্ভগীয়া পৰিয়ালটোৱে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মালৈ সহায়ৰ আহ্বান জনাইছে।
“মুখ্যমন্ত্ৰী মহোদয়, আমাৰ দুৰ্ভগীয়া পৰিয়ালটোক সহায় কৰক।”
ঘটনাটোৰ উচিত তদন্ত কৰি যুৱকজনৰ মৃত্যুৰ প্ৰকৃত ৰহস্য উদঘাটনৰ দাবী জনাইছে পৰিয়ালটোৱে।
#highlightseveryone
#everyonefollowers
#followerseveryone
#HimantaBiswaSarma