সোণাৰি: বৰহাটত বিজেপিৰ ২৯নং বুথৰ মহিলা আই মাতৃ সকলৰ সৈতে মতবিনিময় কৰে বিজেপিৰ জিলা মহিলা মৰ্চাৰ সভানেত্ৰীয়ে
ভাৰতীয় জনতা পাৰ্টি চৰাইদেউ জিলা মহিলা মৰ্চাৰ অন্তৰ্গত বৰহাট মণ্ডল মহিলা মৰ্চাৰ সভানেত্ৰী সংগীতা গগৈৰ সভাপতিত্ব ২৯নং বুথৰ ৰাজেন্দ্ৰ তাঁতী আৰু মহিলা মৰ্চাৰ বুথ বাহিনীৰ আহ্বায়িকা মীনাক্ষী ওৰাঙৰ উপস্থিত অনুষ্ঠিত সভাত আই মাতৃ সকলৰ লগত মতবিনিময় কৰে জিলা মহিলা মৰ্চাৰ সভানেত্ৰীয়ে। উক্ত কাৰ্যসূচীত জিলা মহিলা মৰ্চাৰ সামাজিক মাধ্যমৰ আহ্বায়িকা পাপৰী চাংমাইৰ লগতে বৰহাট মণ্ডলৰ মহিলা মৰ্চাৰ বিষয়ববীয়া সকল উপস্থিত থাকে।