সোণাৰি: অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদকৰ উপস্থিতিত সোণাৰিত কংগ্ৰেছ আৰু অজাপৰ নিৰ্বাচনী সভা অনুষ্ঠিত
চৰাইদেউ জিলা কংগ্ৰেছ কমিটিৰ সভাপতি অনুজ বৰকটকীৰ সভাপতিত্বত আজি ৰাইজৰ দলৰ লগতে অসম জাতীয় পৰিষদৰ জিলা সমিতিৰ বিষয়ববীয়া সকলৰ সৈতে জিলা কংগ্ৰেছ কমিটিৰ এখন সভা সোনাৰি ৰাজীৱ ভৱনত অনুষ্ঠিত হয়। উক্ত সভাত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সা:সম্পাদক তথা চৰাইদেউ'জিলা কংগ্ৰেছৰ তত্ত্বাৱধায়ক যুৱনেতা উৎপল গগৈৰ লগতে অসম জাতীয় পৰিষদৰ ৰাজ্যিক সম্পাদক মানিক গগৈ, টংকেশ্বৰ কোঁৱৰ, ৰাইজৰ দলৰ চৰাইদেউ জিলা সমিতিৰ সভাপতি থানেশ্বৰ গগৈ সহিতে তিনিওটা দলৰে বিষয়ববীয়া সকল।