সোণাৰি: গৰিয়াপথাৰত বিলাতী সুৰাৰ বিৰুদ্ধে টেঙাপুখুৰী আৰক্ষী আৰু মথুৰাপুৰ আৰক্ষীয়ে অভিযান চলাই ১৫লিটাৰ বিলাতী সুৰা নষ্ট কৰে
শুকুৰবাৰে চৰাইদেউ জিলাৰ টেঙাপুখুৰী আৰক্ষী চকীৰ এলেকাৰ গৰিয়াপথাৰ গাঁওৰ গেলামাল দোকানত বিলাতী সুৰাৰ বিৰুদ্ধে টেঙাপুখুৰী আৰক্ষী আৰু মথুৰাপুৰ আৰক্ষীৰ যৌথ অভিযান চলাই। এই অভিযানকালত আৰক্ষীয়ে ১৫লিটাৰ বিলাতী সুৰা নষ্ট কৰিবলৈ সক্ষম হয় বুলি জানিব পৰা গৈছে ৷