সোণাৰি: উদয়পুৰ পঞ্চায়তত সাংগাঠনিক সভাত প্ৰভাৰী হিচাপে উপস্থিত থাকে পৌৰপতি অৰূপ দত্ত
চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ অন্তৰ্গত উদয়পুৰ পঞ্চায়তত আগন্তুক লোকসভা নিৰ্বাচনৰ সম্পৰ্কত আজি বিজেপি দলৰ এখনি দলীয় সাংগাঠনিক সভা অনুষ্ঠিত হয় ৷ এই সভাত উদয়পুৰ পঞ্চায়তৰ প্ৰভাৰী হিচাপে ৰাজ্যিক সমিতিয়ে দায়িত্ব অৰ্পণ কৰা মৰাণ পৌৰসভাৰ পৌৰপতি অৰূপ দত্ত এই সভাত উপস্থিত থাকি উদয়পুৰ পঞ্চায়তৰ অন্তৰ্গত ১০ টা বুথৰ বুথ সভাপতি আৰু শক্তিকেন্দ্ৰৰ আহ্বায়ক তথা পালক সকলৰ সৈতে আগন্তক লোকসভা নিৰ্বাচনৰ সম্পৰ্কত মত বিনিময় কৰে ৷