Install App
Login
HOME
Delhi
Haryana
Uttar Pradesh
Bihar
Chhattisgarh
Madhya Pradesh
Rajasthan
Jharkhand
Himachal Pradesh
Uttarakhand
Punjab
Andhra Pradesh
Telangana
Tamil Nadu
Karnataka
Maharashtra
Assam
West Bengal
Tripura
Gujarat
Odisha
Kerala
Jansamasya
News
पुलिस
Maharashtra
Bjp
National
Police
Bihar
India
कांग्रेस
Accident
Congress
Modi
Delhi
Viral
Up
अमित_शाह
Bollywood
दिल्ली
Patna
Breakingnews
Narendramodi
Madhya_pradesh
Madhyapradesh
Pmmodi
Rahulgandhi
Uttarpradesh
Haryana
Cricket
Lucknow
oursivasagar18
শিৱসাগৰ জিলা সাংবাদিক সংস্থাৰ ৬২সংখ্যক প্ৰতিষ্ঠা দিৱস পালন দিনজোৰা কাৰ্যসূচীৰে আজি পালন কৰা হৈছে শিৱসাগৰ জিলা সাংবাদিক সংস্থাৰ ৬২সংখ্যক প্ৰতিষ্ঠা দিৱস। প্ৰতিষ্ঠা দিৱস উপলক্ষে শিৱসাগৰ জিলা সাংবাদিক সংস্থাৰ কাৰ্যালয়ৰ বাকৰিত সংস্থাৰ সভাপতিৰ লগতে বিষয়ববীয়াসকলৰ উপস্থিতিত পতাকা উত্তোলন কৰা হয়। ইয়াৰ পিছতে শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’ব প্ৰতিষ্ঠা দিৱসৰ মুকলি সভা। মুকলি সভাত জুলাই মাহত অনুষ্ঠিত চিঠি লিখা প্ৰতিযোগিতাৰ বিজয়ীসকলক বঁটা প্ৰদান কৰা হ’ব। বিভিন্ন কাৰ্যসূচীৰে দিনজোৰাকৈ অনুষ্ঠিত এই প্ৰতিষ্ঠা দিৱসত সাংবাদিক সংস্থাৰ বিষয়ববীয়া, সদস্য আৰু আমন্ত্ৰিত অতিথিসকল উপস্থিত থাকে। #Sivasagar #SivasagarPress #JournalistsAssociation #SivasagarDistrictJournalistsAssociation #FoundationDay #62ndFoundationDay #SivasagarNews #AssamNews #AssamMedia #Journalism #Press #Media #Journalists #Assam #SivasagarDistrict #NewsUpdate
Sibsagar, Sivasagar
| Sep 27, 2026
#sivasagar
#sivasagarpress
#journalistsassociation
#sivasagardistrictjournalistsassociation
#foundationday
#62ndfoundationday
#sivasagarnews
#assamnews
#assammedia
#journalism
#press
#media
#journalists
#assam
#sivasagardistrict
#newsupdate
MORE NEWS
শিৱসাগৰৰ আমোলাপট্টিত ভয়ংকৰ অগ্নিকাণ্ড। ভষ্মীভূত দুখন ব্যৱসায়িক প্ৰতিষ্ঠান। ঔম প্ৰকাশ চাহুৰ গেলামালৰ দোকান, লালন চাহুৰ চাহৰ দোকান ভষ্মীভূত। শ্বৰ্টচাৰ্কিত ফলতে অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ সন্দেহ। বৰ্তমান অগ্নিনিৰ্বাপক বাহিনীৰ বাহনেৰে নিৰ্বাপিত কৰিছে জুই।
Sibsagar, Sivasagar | Oct 1, 2026
পুষ্টি, স্বাস্থ্যকৰ খাদ্য গ্ৰহণৰ অভ্যাস আৰু সুষম আহাৰৰ গুৰুত্ব সম্পৰ্কে সজাগতা বৃদ্ধিৰ উদ্দেশ্যে শিৱসাগৰ নগৰীয়া সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনস্থ পশ্চিম যমুনা খণ্ডত এখন 'পোষণ মেলা' অনুষ্ঠিত কৰা হয়। এই কাৰ্যসূচীখন উদ্বোধন কৰে অতিৰিক্ত জিলা আয়ুক্ত (সমাজ কল্যাণ) গৌৰীপ্ৰিয়া দেউৰীয়ে । অনুষ্ঠানত শিৱসাগৰৰ ভাৰপ্ৰাপ্ত জিলা সমাজ কল্যাণ বিষয়া, শিৱসাগৰ নগৰীয়া সংহত শিশু উন্নয়ন প্ৰকল্পৰ শিশু উন্নয়ন প্ৰকল্প বিষয়া, ছুপাৰভাইজাৰ সকল, অংগনৱাড়ী কৰ্মী আৰু অংগনৱাড়ী সহায়িকাসকল উপস্থিত থাকে। পোষণ মেলাৰ অংশ হিচাপে অংগনৱাড়ী কৰ্মী আৰু সহায়িকাসকলে স্থানীয়ভাৱে উপলব্ধ তথা সুলভ মূল্যৰ পুষ্টিকৰ আহাৰ প্ৰস্তুতকৰণৰ প্ৰদৰ্শনী আগবঢ়ায়, যিয়ে শিশু, মহিলা আৰু পৰিয়ালসমূহৰ উন্নত পুষ্টি নিশ্চিত কৰাত অৰিহণা যোগাব পাৰে। #highlightseveryone #everyone #follower #highlight
Sibsagar, Sivasagar | Oct 1, 2026
শিৱসাগৰ জিলা আয়ুক্তৰ সংবাদ মেল জিলাৰ জৰুৰীকালীন অৱস্থাৰ বিষয়ত । জনসাধাৰণক আহ্বান আতংকিত হোৱাৰ প্ৰয়োজন নাই।
Sibsagar, Sivasagar | Oct 1, 2026
শিৱসাগৰ জিলা আয়ুক্তৰ আহ্বান আতংকিত হোৱাৰ প্ৰয়োজন নাই তেনে কোনো ভয়ংকৰ পৰিস্থিতি হোৱা নাই দিখৌ নদী বৰ্তমান বিপদ সীমাৰ বহু মিটাৰ তলত #highlightseveryone #followers #everyone #dcsivasagar
Sibsagar, Sivasagar | Oct 1, 2026
সাৱধান দিখৌ পৰীয়া ৰাইজ নোট কৰক DEOC: ৮৪৭১৮-৬৪৩৫৫ টোল ফ্ৰী: ০৩৭৭২-১০৭৭ নম্বৰ #assam #Nagaland #news #sivasagar
Sibsagar, Sivasagar | Oct 1, 2026
📌 বৰ্ষাপাৰা ষ্টেডিয়ামত জুবিন গাৰ্গৰ নাম সোঁৱৰিলে ৰবি শাস্ত্ৰীয়ে। 📌 ৰবি শাস্ত্ৰীয়ে ক'লে- 'জয় আই অসম, জয় জুবিন' 📌 ভাৰত বনাম ৱেষ্ট ইণ্ডিজৰ খেলত জুবিন গাৰ্গৰ নাম স্মৰণ... COURTESY-SOCIAL MEDIA #courtesysocialmedia
Sibsagar, Sivasagar | Sep 30, 2026
শিৱসাগৰত সাংসদ যোগেন মহনৰ সংবাদমেল জিলা বিজেপিৰ কাৰ্যালয়ত ৰাজ্য সভাৰ সাংসদ গৰাকীয়ে সংবাদ মেল সম্বোধন কৰে সাম্প্ৰতিক সময়ৰ প্ৰসংগক দেশৰ মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উত্থাপিত অভিযোগ সন্দৰ্ভত সংবাদমেল। এই অভিযোগ ইতিমধ্যে মিছা বুলি প্ৰমাণিত হৈছে। জ্ঞানেশ কুমাৰ বিতৰ্ক সন্দৰ্ভত কংগ্ৰেছ দলে মুখ থেকেছা খাইছে। ইভিএম কংগ্ৰেছৰ দিনতহে প্ৰথম ব্যৱহাৰ কৰা হৈছিল। কিন্তু কংগ্ৰেছ দলে ইভিএমৰ বিৰুদ্ধে মাত মাতি থাকে। কংগ্ৰেছ দলে বিভ্ৰান্তিকৰ মন্তব্য কৰাৰ লগতে আবোল তাবোল বকে। দেশৰ গণতান্ত্রিক ব্যৱস্থাৰ প্ৰতি বিৰূপ মন্তব্য কৰে কংগ্ৰেছে। ন্যায় ব্যৱস্থা সন্দৰ্ভতো বিদেশত বিৰূপ মন্তব্য কংগ্ৰেছৰ নেতাৰ। দেশৰ হকে প্ৰাণ আহুতি দিয়া বীৰ সৈনিকৰ ক্ষেত্ৰতো ৰাহুল গান্ধীয়ে প্ৰশ্নৰ অৱতাৰণা কৰিছিল। ৰাহুল গান্ধীয়ে অৱশেষত ক্ষমা খুজিবলৈ বাধ্য হৈছিল। দেশৰ জনতাক কংগ্ৰেছ দলৰ অপপ্ৰচাৰত ভোল নাযাবলৈ আহ্বান সাংসদ যোগেন মহনৰ। কংগ্ৰেছ দলে শাসনত থাকোঁতেও কোনো উল্লেখযোগ্য কাম কৰিব নোৱাৰিলে। এতিয়া দেশৰ ৰাজনৈতিক পৰিৱেশ অস্থিৰ কৰি তুলিবৰ বাবে এনে কাম বাৰে বাৰে কৰি আহিছে। #highlight #everyone #follower #BJPNEWS
Sibsagar, Sivasagar | Sep 30, 2026
শিৱসাগৰ জিলাৰ আয়ুক্ত মৃদুল য়াদৱে আজি শিৱসাগৰ অসামৰিক চিকিৎসালয় পৰিদৰ্শন কৰি চিকিৎসালয়খনৰ সামগ্ৰিক ব্যৱস্থাপনাৰ লগতে, চাফ-চিকুণতা, যান-বহনৰ পাৰ্কিঙৰ ব্যৱস্থা, খোৱাপানী, নিৰাপত্তা, ৰূপায়ণ হৈ থকা আৰু বিভিন্ন নতুন প্ৰকল্পৰ পৰিকল্পনা আৰু অগ্ৰগতি, ৰোগী আৰু ৰোগীৰ আত্মীয়ৰ বাবে উপলব্ধ সা-সুবিধা, বৈদ্যুতিন সা-সুবিধা আদি সম্পৰ্কে বিস্তৃতভাৱে বুজ লয়। জিলা আয়ুক্ত গৰাকীয়ে আজি চিকিৎসালয়খনত আয়োজিত চিকিৎসালয় ব্যৱস্থাপনা সমাজৰ বৈঠকতো অধ্যক্ষতা কৰে। বৈঠকত জিলা আয়ুক্ত গৰাকীয়ে চিকিৎসালয়খনত বিভিন্ন ক্ষেত্ৰত প্ৰত্যক্ষ হোৱা আসোঁৱাহ আৰু অসুবিধাসমূহ দূৰীকৰণৰ বাবে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়াৰ লগতে ৰোগীৰ লগতে জনসাধাৰণৰ অভাৱ-অভিযোগ নিষ্পত্তিৰ ক্ষেত্ৰতো কাৰ্যকৰী পদক্ষেপ গ্ৰহণৰ পোষকতা কৰে। আজিৰ বৈঠকত অতিৰিক্ত জিলা আয়ুক্ত (স্বাস্থ্য আৰু পৰিয়াল কল্যাণ) ৰনন্ময় ভৰদ্বাজ প্ৰমুখ্যে চিকিৎসালয়খনৰ বিভিন্ন বিভাগৰ চিকিৎসক বিষয়া আৰু স্বাস্থ্যকৰ্মীসকল উপস্থিত থাকে। #highlightseveryone #everyone #follower #dcsivasagar
Sibsagar, Sivasagar | Sep 30, 2026
যক্ষ্মা ৰোগ নিৰ্মূলৰ লক্ষ্যৰে পঞ্চায়ত প্ৰতিনিধিসকলৰ প্ৰশিক্ষণ শিবিৰ শিৱসাগৰ, ৩০ ছেপ্টেম্বৰ: শিৱসাগৰ জিলা যক্ষ্মা ৰোগ বিভাগৰ উদ্যোগত আজি ৩০ ছেপ্টেম্বৰ, বুধবাৰে জয়সাগৰস্থিত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন ৰাজ্যিক প্ৰতিষ্ঠানত (এছ টি পি আৰ ডি) গৌৰীসাগৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত বিভিন্ন পঞ্চায়তৰ ৱাৰ্ড সদস্যসকলৰ মাজত যক্ষ্মা ৰোগ আৰু ‘যক্ষ্মামুক্ত পঞ্চায়ত’ সন্দৰ্ভত এক প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হয়। প্ৰশিক্ষণ শিবিৰৰ শুভাৰম্ভ কৰে প্ৰতিষ্ঠানখনৰ অধ্যক্ষ শ্ৰদ্ধাৰ পঙ্কজ হাজৰিকা দেৱে। শিবিৰত সমল ব্যক্তি হিচাপে উপস্থিত থাকে শিৱসাগৰ জিলা যক্ষ্মা ৰোগ বিষয়া ডাঃ দ্বিজেন কোঁচ। ডাঃ কোঁচে পঞ্চায়ত প্ৰতিনিধিসকলক যক্ষ্মা ৰোগ এজন ব্যক্তিৰ পৰা আন এজন ব্যক্তিলৈ কেনেদৰে সংক্ৰমিত হয়, ৰোগবিধৰ বিভিন্ন লক্ষণ, চিকিৎসা পদ্ধতি আৰু যক্ষ্মা ৰোগ নিৰ্মূলৰ ক্ষেত্ৰত পঞ্চায়ত প্ৰতিনিধিসকলৰ ভূমিকা আৰু দায়িত্বৰ বিষয়ে বিতংভাৱে অৱগত কৰে। ইয়াৰ উপৰি জিলা যক্ষ্মা ৰোগ বিভাগৰ কৰ্মী শ্ৰী ৰিতুপৰ্ণা শইকীয়াই যক্ষ্মা ৰোগৰ ৰোগী আৰু চিকিৎসা সম্পৰ্কীয় তথ্য সংৰক্ষণ তথা পৰিচালনাৰ বাবে ব্যৱহৃত ‘নিক্ষয়’ (Nikshay) পৰ্টেলৰ বিষয়ে উপস্থিতসকলক অৱগত কৰে। জিলা যক্ষ্মা ৰোগ বিভাগৰ পৰীক্ষাগাৰৰ দায়িত্বত থকা শ্ৰী কল্যাণ বৰীয়ে তেওঁৰ বক্তব্যত যক্ষ্মা ৰোগ নিৰ্ণয়ৰ বাবে কাহৰ নমুনা পৰীক্ষাৰ আধুনিক প্ৰযুক্তি ‘নাট’ (NAAT) পৰীক্ষাৰ বিষয়ে উপস্থিতসকলক বিস্তৃতভাৱে জানিবলৈ দিয়ে। আনহাতে, যক্ষ্মা ৰোগ বিভাগৰ কৰ্মী শ্ৰী ৰিতু দত্তই তেওঁৰ বক্তব্যত যক্ষ্মা ৰোগৰ ব্যক্তিগত চিকিৎসা গ্ৰহণ কৰা ৰোগীসকলেও যক্ষ্মা নিৰ্মূল অভিযানৰ আওতাত পৰে বুলি উল্লেখ কৰে। লগতে যক্ষ্মা ৰোগ নিৰ্মূলৰ ক্ষেত্ৰত সমাজৰ প্ৰতিগৰাকী ব্যক্তিৰ সহযোগিতা আৰু সজাগতাৰ প্ৰয়োজনীয়তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। প্ৰশিক্ষণ শিবিৰত যক্ষ্মা ৰোগ বিভাগৰ কৰ্মী শ্ৰী নয়ন মালাকৰো উপস্থিত থাকে। গৌৰীসাগৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত বিভিন্ন পঞ্চায়তৰ ৪৫গৰাকীৰো অধিক পঞ্চায়ত প্ৰতিনিধিয়ে এই প্ৰশিক্ষণ শিবিৰত অংশগ্ৰহণ কৰে। যক্ষ্মা ৰোগ নিৰ্মূলৰ লক্ষ্যত পঞ্চায়ত পৰ্যায়ত সজাগতা বৃদ্ধি, ৰোগ চিনাক্তকৰণ আৰু উপযুক্ত চিকিৎসাৰ ক্ষেত্ৰত পঞ্চায়ত প্ৰতিনিধিসকলৰ সক্ৰিয় ভূমিকা নিশ্চিত কৰাই এই প্ৰশিক্ষণ শিবিৰৰ মূল উদ্দেশ্য বুলি জানিবলৈ দিয়ে আয়োজকসকলে। #highlightseveryone #everyone #follower #dcsivasagar
Sibsagar, Sivasagar | Sep 30, 2026