শিৱসাগৰত সাংসদ যোগেন মহনৰ সংবাদমেল
জিলা বিজেপিৰ কাৰ্যালয়ত ৰাজ্য সভাৰ সাংসদ গৰাকীয়ে সংবাদ মেল সম্বোধন কৰে সাম্প্ৰতিক সময়ৰ প্ৰসংগক
দেশৰ মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উত্থাপিত অভিযোগ সন্দৰ্ভত সংবাদমেল। এই অভিযোগ ইতিমধ্যে মিছা বুলি প্ৰমাণিত হৈছে। জ্ঞানেশ কুমাৰ বিতৰ্ক সন্দৰ্ভত কংগ্ৰেছ দলে মুখ থেকেছা খাইছে।
ইভিএম কংগ্ৰেছৰ দিনতহে প্ৰথম ব্যৱহাৰ কৰা হৈছিল। কিন্তু কংগ্ৰেছ দলে ইভিএমৰ বিৰুদ্ধে মাত মাতি থাকে। কংগ্ৰেছ দলে বিভ্ৰান্তিকৰ মন্তব্য কৰাৰ লগতে আবোল তাবোল বকে।
দেশৰ গণতান্ত্রিক ব্যৱস্থাৰ প্ৰতি বিৰূপ মন্তব্য কৰে কংগ্ৰেছে। ন্যায় ব্যৱস্থা সন্দৰ্ভতো বিদেশত বিৰূপ মন্তব্য কংগ্ৰেছৰ নেতাৰ। দেশৰ হকে প্ৰাণ আহুতি দিয়া বীৰ সৈনিকৰ ক্ষেত্ৰতো ৰাহুল গান্ধীয়ে প্ৰশ্নৰ অৱতাৰণা কৰিছিল। ৰাহুল গান্ধীয়ে অৱশেষত ক্ষমা খুজিবলৈ বাধ্য হৈছিল।
দেশৰ জনতাক কংগ্ৰেছ দলৰ অপপ্ৰচাৰত ভোল নাযাবলৈ আহ্বান সাংসদ যোগেন মহনৰ। কংগ্ৰেছ দলে শাসনত থাকোঁতেও কোনো উল্লেখযোগ্য কাম কৰিব নোৱাৰিলে। এতিয়া দেশৰ ৰাজনৈতিক পৰিৱেশ অস্থিৰ কৰি তুলিবৰ বাবে এনে কাম বাৰে বাৰে কৰি আহিছে।
#highlight
#everyone
#follower
#BJPNEWS