*মৰিগাঁও জিলাত দুৰ্যোগৰ আশংকা হ্ৰাসৰ বাবে সামাজিক আৰু আচৰণগত পৰিৱৰ্তন কৌশল বিষয়ক জিলা পৰ্যায়ৰ প্ৰশিক্ষণ কাৰ্যসূচী সম্পন্ন*
মৰিগাঁও, ১৭ জুন :: অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সহযোগত মৰিগাঁও জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ উদ্যোগত আজি মৰিগাঁও জিলাৰ আয়ুক্ত কাৰ্যালয়ৰ সমীপৰ কলা বীথিকা প্ৰেক্ষাগৃহত “দুৰ্যোগৰ আশংকা হ্ৰাসৰ বাবে সামাজিক আৰু আচৰণগত পৰিৱৰ্তন কৌশল” বিষয়ক এদিনীয়া জিলা পৰ্যায়ৰ প্ৰশিক্ষণ কাৰ্যসূচী সম্পন্ন হয়।
উক্ত কাৰ্যসূচীত মৰিগাঁও জিলাৰ বিভিন্ন বিভাগৰ মুঠ ৪০ জন অংশগ্ৰহণকাৰীয়ে অংশগ্ৰহণ কৰে। অংশগ্ৰহণকাৰীসকলৰ ভিতৰত স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক, সমগ্ৰ শিক্ষা, অসম, লোকনিৰ্মাণ পথ বিভাগ, জনস্বাস্থ্য কাৰিকৰী বিভাগ, জিলা কৃষি বিষয়াৰ কাৰ্যালয়, পশুপালন আৰু পশুচিকিৎসা বিভাগ, জিলা সমাজ কল্যাণ বিভাগ, জিলা মীন উন্নয়ন বিভাগ, জলসম্পদ বিভাগ, জলসিঞ্চন বিভাগ, অংগনৱাড়ী ছুপাৰভাইজৰ, আশা ছুপাৰভাইজৰ, গাঁও প্ৰধান আৰু জিলাৰ সকলো ৰাজহ চক্ৰৰ আপদা মিত্ৰ স্বেচ্ছাসেৱকসকল উপস্থিত আছিল।
কাৰ্যসূচীটোৰ শুভ উদ্বোধন কৰে মৰিগাঁও জিলাৰ আয়ুক্ত তথা জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ অধ্যক্ষা অনামিকা তেৱাৰীয়ে। উদ্বোধনী ভাষণত তেওঁ দুৰ্যোগৰ সময়ত জনসচেতনতা বৃদ্ধি আৰু সামাজিক-আচৰণগত পৰিৱৰ্তনৰ গুৰুত্ব সম্পৰ্কে মূল্যৱান বক্তব্য আগবঢ়ায়। অনুষ্ঠানত মৰিগাঁও জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ মুখ্য কাৰ্যবাহী বিষয়া তথা অতিৰিক্ত জিলা আয়ুক্ত অনুসূয়া শৰ্মা আৰু সহকাৰী আয়ুক্ত জেবিন গুলনাৰো উপস্থিত থাকে।
প্ৰশিক্ষণত উপস্থিত থাকে মৰিগাঁও ডায়েটৰ প্ৰবক্তা গীতাঞ্জলি ঠাকুৰীয়া। প্ৰশিক্ষণ কাৰ্যসূচীৰ সমল ব্যক্তি হিচাপে উপস্থিত থাকে মৰিগাঁও জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ জিলা প্ৰকল্প বিষয়া ৰঞ্জু শৰ্মা, ভুৰাগাঁও ৰাজহ চক্ৰৰ ক্ষেত্ৰ বিষয়া কলিম উদ্দিন আৰু মায়ং ৰাজহ চক্ৰৰ ক্ষেত্ৰ বিষয়া উমংগ শইকীয়া। লগতে অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ দ্বাৰা মনোনীত নিৰীক্ষণ বিষয়া হিচাপে নগাঁও জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ জিলা প্ৰকল্প বিষয়া বিজয়ন্ত গোস্বামীও উপস্থিত থাকে।
প্ৰশিক্ষণৰ অন্তত অংশগ্ৰহণকাৰীসকলৰ পৰা মতামত সংগ্ৰহ কৰা হয়। পাছত মৰিগাঁও জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ মুখ্য কাৰ্যবাহী বিষয়া তথা অতিৰিক্ত জিলা আয়ুক্ত অনুসূয়া শৰ্মাই অংশগ্ৰহণকাৰীসকলৰ মাজত প্ৰমাণপত্ৰ বিতৰণ কৰে। শেষত মৰিগাঁও জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ জিলা প্ৰকল্প বিষয়াগৰাকীয়েও ভাষণ দিয়ে।