কমলপুৰৰ বৰশিল আশ্ৰমত সোমবাৰে সন্ধিয়া বিজেপি যুৱ মৰ্চাৰ কৰ্মীৰ সৈতে মত বিনিময় কৰে বিধায়ক দিগন্ত কলিতাই। ভাৰতীয় জনতা যুৱ সংযোগ আৰু বুথ বাহিনী সন্মিলনত অংশগ্ৰহণৰ পাছত স্থানীয় যুৱ মৰ্চাৰ কৰ্মীসকলক সাক্ষাৎ কৰি মত বিনিময় কৰে বিধায়ক কলিতাই। উক্ত সময়ত বিধায়কজনক সংগ দিয়ে যুৱ মৰ্চাৰ উত্তৰ কামৰূপ জিলা সমিতিৰ সভাপতি ঋষভ ৰঞ্জন দাসে।