সোণাৰি: সোণাৰিত ধুমুহাত গৃহহীন পৰিয়ালক চৰকাৰে দিয়া ৯৫ হাজাৰ টকা বিজেপি ৱাৰ্ড সদস্যই আত্মসাত্ কৰাৰ অভিযোগ ভুক্তভোগীৰ
আহুখাট পঞ্চায়তৰ ৩নং ৱাৰ্ডৰ গীতা কৰ্মকাৰ নামৰ বিধৱা মহিলা গৰাকীৰ বাসগৃহটো এবছৰ পূৰ্বে ধুমুহা বতাহত ভাঙি ক্ষতিগ্ৰস্ত হৈছিল।বিধৱা মহিলা গৰাকীৰ বাসগৃহ নিৰ্মাণৰ বাবে চৰকাৰে ৯৫হাজাৰ টকা আৱন্টন আগবঢ়াইছিল।তাৰপিছতে স্থানীয় ৱাৰ্ড মেম্বাৰ কুণ্ডল দেযে বিধৱা মহিলা গৰাকীক৩০হাজাৰ উৎকোচ বিচাৰে আৰু নিদিলে আৱন্টিত ধন ঘূৰাই পঠিওৱা হʼব বুলি ভাবুকি দিয়ে।স্থানীয় ৰাইজে এনে কাণ্ডত তীব্ৰ প্ৰতিবাদ জনোৱাৰ লগতে বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে।