*বিশ্বনাথ জিলা আৰক্ষীয়ে দহন কৰিলে প্ৰায় ৮৬ লাখ টকা মূল্যৰ নিচাজাতীয় ড্ৰাগছ, ভাং ইত্যাদি সামগ্ৰী।
ৰাজ্যত ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত আছে প্ৰশাসনৰ কঠোৰ পদক্ষেপ। ইয়াৰ অংশ হিচাপে আজি বিশ্বনাথত বৃহৎ পৰিমাণৰ জব্দকৃত নিচাযুক্ত দ্ৰব্য দাহন কৰা হয়।
বিশ্বনাথ জিলা আৰক্ষীৰ বিশেষ উদ্যোগত, আজি পানীভড়ালৰ আৰক্ষী চাউনিত বিগত বৰ্ষত জব্দ কৰা প্ৰায় ১৬৩ কিলোগ্ৰাম গাঞ্জা আৰু ১৮.৫ গ্ৰাম হেৰইন জুইত জাহ নিয়া হয়। জানিব পৰা মতে, আজি দাহন কৰা এই সামগ্ৰীসমূহৰ আনুমানিক বজাৰ মূল্য প্ৰায় ৮৬ লাখ টকা। ইয়াৰে গাঞ্জাখিনিৰ বজাৰ মূল্য প্ৰায় ৮২ লাখ আৰু হেৰইনখিনিৰ মূল্য প্ৰায় ৪ লাখ টকা বুলি আৰক্ষীয়ে জানিবলৈ দিছে।
এই সমগ্ৰ দাহন প্ৰক্ৰিয়াটো বিশ্বনাথৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক অজাগৌৰান বসুমতাৰী, ন্যায়িক দণ্ডাধীশ প্ৰাঞ্জিতা কোঁৱৰ আৰু কাৰ্যবাহী দণ্ডাধীশ সংযুক্তা গগৈৰ উপস্থিতিত সুচাৰুৰূপে সম্পন্ন কৰা হয়।
আনহাতে, উল্লেখযোগ্য যে, আজি নলবাৰীৰ ১৪ নং আৰক্ষী বাহিনীৰ মুখ্য কাৰ্যালয়তো ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰীয়ভাৱে জব্দকৃত নিচাযুক্ত সামগ্ৰী দাহন কৰি এক কঠোৰ বাৰ্তা প্ৰেৰণ কৰে।"
#public #friends #highlights #news #viral #reels #everyone #facebook #police #biswnath #crime #Gohpur