শিৱসাগৰ: শেহতীয়াকৈ সাংবাদিকৰ ওপৰত আক্ৰমণ হোৱা ঘটনাৰ তীব্ৰ গৰিহণা দি শিৱসাগৰত দল সংগঠনে সাব্যস্ত কৰিছে প্ৰতিবাদ
শেহতীয়াকৈ সাংবাদিকৰ ওপৰত আক্ৰমণ হোৱা ঘটনাৰ তীব্ৰ গৰিহণা দি শিৱসাগৰত দল সংগঠনে সাব্যস্ত কৰিছে প্ৰতিবাদ । শিৱসাগৰ, ধেমাজি আদি বিভিন্ন ঠাইত সাংবাদিকৰ ওপৰত আক্ৰমণ আৰু ভাবুকি দিয়া কাৰ্য সংঘটিত ধাৰাবাহিক ভাৱে। ইয়াৰ বিৰুদ্ধে ওলাই আহিছে শিৱসাগৰত দল সংগঠন । সদৌ তাই আহোম ছাত্ৰ সন্থাকে আদি কৰি বহুকেইটা জাতীয় জনগোষ্ঠীয় সংগঠনৰ নেতৃত্বই প্ৰতিবাদ সাব্যস্ত কৰি ক্ষোভ উজাৰিছে সংবাদ মাধ্যমৰ আগত ।