শিৱসাগৰ জিলা প্ৰশাসনৰ এগৰাকী কাৰ্যবাহী দণ্ডাধীশ নেতৃত্বত খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ বিষয়াসকলে ইংৰাজী ২৬ জুলাই,২০২৬ তাৰিখে শিৱসাগৰ জিলাৰ কেন্দ্ৰীয় বজাৰ আৰু এ.টি. ৰোডৰ সমীপত বিভিন্ন পাইকাৰী আৰু খুচুৰা বজাৰত আকস্মিক পৰিদৰ্শন তথা অভিযান চলায়।
উল্লেখ্য যে, চলিত বান পৰিস্থিতিৰ সুযোগ গ্ৰহণ কৰি একাংশ অসাধু ব্যৱসায়ীয়ে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য অস্বাভাৱিক ভাবে বৃদ্ধি কৰাৰ অভিযোগ লাভ কৰাৰ পিছতে এই অভিযান আৰম্ভ কৰা হয়।
জিলা প্ৰশাসনে সকলো পাইকাৰী আৰু খুচুৰা ব্যৱসায়ীক চলিত বান পৰিস্থিতিৰ সুযোগ লৈ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি, মজুতকৰণ বা অন্য কোনো অসাধু বাণিজ্যিক কাৰ্যকলাপত লিপ্ত নহ’বৰ বাবে আহ্বান জনাইছে আৰু এনে কাৰ্যকলাপত জড়িত হোৱা যিকোনো ব্যক্তিৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি সতৰ্ক কৰি দিছে৷
জিলা প্ৰশাসনৰ তৰফৰ পৰা আৰু জনোৱা হৈছে যে, এই ধৰণৰ আকস্মিক পৰিদৰ্শন আৰু অভিযান আগন্তুক দিনসমূহতো অব্যাহত থাকিব আৰু অসাধু কাৰ্যকলাপত জড়িত সকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব।
CMO Assam
Bimal Borah
Assam State Disaster Management Authority-ASDMA
Directorate of Information and Public Relations, Assam
DIPRO, Sivasagar