সু খবৰ পথাৰত আহিগল ভূই ৰুৱা মেছিন।
VO:-বিহালীত মুখ্যমন্ত্ৰী উৎকৰ্ষ যোজনা (MMUY) আঁচনিৰ অধীনত ১২ লাখ টকাকৈ আৰ্থিক সাহায্য লাভ কৰা বিশ্বনাথ জিলাৰ ১০টা কৃষক উৎপাদক সংস্থাৰ ভিতৰত অন্যতম নিজ বিহালী গাংমৌ কৃষক উৎপাদক সংস্থা (FPC)ৰ উদ্যোগত চালকীয় কঠীয়া ৰোপণ যন্ত্ৰৰ জৰিয়তে আজি আনুষ্ঠানিকভাৱে ধান ৰোপণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়।
শোণিতপুৰ লোকসভা সমষ্টিৰ সাংসদ ৰঞ্জিত দত্তই এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। এই উপলক্ষে আজি নিজ বিহালী গাঁৱত অনুষ্ঠিত হোৱা বিশেষ কাৰ্যসূচীত বিশ্বনাথৰ জিলা আয়ুক্ত কৰৱী শইকীয়া কৰণ, জিলা কৃষি বিষয়া বাণেশ্বৰ বে, বিশ্বনাথ মহকুমা কৃষি বিষয়া সোনমণি শইকীয়া, বৰগাং কৃষি উন্নয়ন চক্ৰৰ কৃষি উন্নয়ন বিষয়া পাৰ্থ প্ৰতীম বৰুৱাৰ লগতে কৃষি বিভাগৰ বিষয়-কৰ্মচাৰী আৰু কৃষক উৎপাদক সংস্থাৰ উদ্যোক্তাসকল উপস্থিত থাকে।
উল্লেখযোগ্য যে, উক্ত ধান ৰোপণ যন্ত্ৰৰ জৰিয়তে প্ৰতি ঘণ্টাত মাত্ৰ ১ লিটাৰ পেট্ৰ'লৰ ব্যয়ৰ জৰিয়তে ১ বিঘা মাটি ৰোপণ কৰিব পাৰি। এই যন্ত্ৰ ব্যৱহাৰৰ ফলত কৃষকসকলে কঠীয়া তোলা আৰু ৰোপণৰ খৰচৰ পৰা ৰেহাই পোৱাৰ লগতে কম সময়ত এই কাম সম্পন্ন কৰিব পাৰিব। ইয়াৰ ফলত কৃষকৰ আয় বৃদ্ধি হোৱাৰ লগতে তেওঁলোক প্ৰত্যক্ষভাৱে উপকৃত হোৱাৰ বাট মুকলি হ'ব।
উল্লেখ্যযোগ্য যে, মুখ্যমন্ত্ৰী উৎকৰ্ষ যোজনা (MMUY)ৰ অধীনত অধীনত অনুমোদিত পুঁজি গাংমৌ কৃষক উৎপাদক সংস্থাই সঠিকভাৱে ব্যৱহাৰ কৰিছে বুলি জিলা কৃষি বিভাগে জানিবলৈ দিছে।
#public #friends #highlights #news #viral #reels #everyone #facebook