*বিহালীৰ খৰস্ৰোতা বিহমাৰী নদীৰ পানীত আবদ্ধ বাহন, ট্ৰেক্টৰ আৰু ৰাইজৰ সহযোগত উদ্ধাৰ*
*পুনৰ বিহমাৰী নৈৰ সৰস্ৰোতা পানীৰ আবদ্ধ চাৰিচকীয়া আৰু দুচকীয়া বাহন । বিহমাৰী নৈত যাতায়াত ব্যবস্থাত যমৰ যাতনা । নৈৰ পানী বৃদ্ধি পোৱাত এটা চাৰিচকীয়া আৰু এটা দুচকীয়া বাহন নৈৰ সোঁতত আবদ্ধ হৈ পৰে।
জানিব পৰা মতে, ARO1S2552 নম্বৰৰ চাৰিচকীয়া বাহনখন ট্ৰেক্টৰৰ সহায়ত উদ্ধাৰ কৰা হয়। আনহাতে দুচকীয়া বাহনখন স্থানীয় ৰাইজৰ সহযোগত উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
প্ৰতি বছৰে বাৰিষাৰ বৰষুণৰ সময়ত এই নৈত এনেকুৱা ঘটনা সংঘটিত হৈ থকাটো সৰ্বজন বিদিত। ৰাইজে দ্ৰুতগতিত স্থায়ী দলং নিৰ্মাণৰ দাবী জনাইছে।
#public #friends #highlights #news #viral #reels #everyone #facebook
Helem, Biswanath | Jul 14, 2026