সোণাৰি: সাপেখাতীৰ টাইৰাই গাঁৱত অঘটন, সুৰামত্ত পিতৃৰ আক্ৰমণত গুৰুতৰভাৱে আহত পুত্ৰ, থানাত এজাহাৰ দাখিল
সোণাৰি চৰাইদেউ জিলাৰ সাপেখাতী আৰক্ষী থানাৰ অন্তৰ্গত টাইৰাই গাওঁত দেওবাৰে মাজ নিশা ১ বজাত বিৰাজ গগৈ নামৰ যুৱক এজনক নিজ পিতৃয়ে সুৰাৰ ৰাগিত মাতাল হৈ ঘৰত পত্নীক টকা বিচাৰি উপদ্ৰুপ চলাই তাতে পিতা পুত্ৰৰ লগত তৰ্কবিতৰ্ক হৈ পিতৃয়ে পুত্ৰক গুৰুত্বৰ ভাবে প্ৰহাৰ কৰি পথাৰত পেলাই থয়। পাছত পৰিয়ালৰ লোকে অচেতন অৱস্থাত যুৱক জনক উদ্ধাৰ কৰি চিকিৎসালয় ভৰ্তি কৰে। ঘটনাৰ সন্দৰ্ভত সাপেখাতী থানাত এজাহাৰ দাখিল কৰিছে। যুৱক জনক উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড় AMC লৈ প্ৰেৰণ কৰে।