সোণাৰি: বৰহাটত টাইপাৰ উদ্যোগত চিকিৎসক নিযুক্তিৰ দাবীত বৰহাট ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ শ্মশান যাত্ৰা বাহিৰ কৰি প্ৰতিবাদ সাব্যস্ত
সোণাৰিৰ বৰহাটত বৰহাট ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ খনত এজনো স্থায়ী চিকিৎসক নথকাৰ প্ৰতিবাদত সোমবাৰে ১১বজাত টাইপা চৰাইদেউ জিলা সমিতিৰ উদ্যোগত তথা বৰহাট আঞ্চলিক সমিতিৰ সহযোগত বৰহাট ক্ষুদ্ৰ প্ৰাথমিক কেন্দ্ৰৰ শ্মশান যাত্ৰা কৰি অসম চৰকাৰ হায় হায়,স্বাস্থ্য বিভাগ কাম নাই,স্থায়ী চিকিৎসক নিযুক্তি দিয়ক আদি বিভিন্ন শ্ল'গান দি প্ৰতিবাদ সাব্যস্ত কৰে।