সোণাৰি: সোণাৰিত গোৰ্খা ছাত্ৰ সন্থাৰ উদ্যোগত অভিনন্দন অনুষ্ঠান, উপস্থিত গোৰ্খা ছাত্র সন্থাৰ কেন্দ্ৰীয় উপ-সভাপতি ৰোহিত নামচালে
সোণাৰিত গোৰ্খা ছাত্র সন্থা,চৰাইদেউ জিলা সমিতি সোণাৰি আঞ্চলিক সমিতিৰ উদ্যোগত উচ্চ- উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰ ছাত্ৰী সকলক দেওবাৰে আবেলি এক বজাত সম্বৰ্ধনা জনোৱা হয়। চৰাইদেউ জিলা সমিতিৰ সভাপতি অশোক লামাৰ সঞ্চালনাত অনুষ্ঠিত সভাত মূখ্য অতিথি হিচাপে উপস্থিত থাকি গোৰ্খা কেন্দ্ৰীয় সমিতিৰ উপ -সভাপতি ৰুহিত নামচালে,সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ সাংগঠনিকসম্পাদক বিৰাজ লিম্বুৰ প্ৰমুখ্যে কেইবাজনো গোৰ্খা ছাত্র সন্থাৰ নেতাই অংশগ্ৰহণ কৰে।