সোণাৰি: চৰাইদেউ জিলা আবকাৰী বিভাগে অভয়পুৰ বনাঞ্চল,চাফ্ৰাই চিংলৌ লাইন,মহন গাওঁত অবৈধ সুৰাৰ অভিযান চলাই ৭০০ লিটাৰ পাছ নষ্ট কৰে
চৰাইদেউ জিলা আবকাৰী বিভাগ আৰু সোণাৰি আৰক্ষীৰ অভয়পুৰ বনাঞ্চল, চাফ্ৰাই চিংলৌ লাইন, মহন গাওঁত অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান চলায় অভিযান কালত চৰাইদেউ আবকাৰী বিভাগে চুলাই মদৰ পাছ ৭০০ লিটাৰ নষ্ট কৰে ৷লগতে অবৈধ সুৰা প্ৰস্তুতকাৰী সকলৰ বিৰুদ্ধে ৬ টাকৈ গোচৰ ৰুজো কৰে চৰাইদেউ জিলা আবকাৰী বিভাগে ৷