সোণাৰি: লেখাপানীত সোণাৰীৰ অনুপ পাটকাইক সেউজ কোঁৱৰ উপাধি প্রদান, উৎফুল্লিত চৰাইদেউবাসী
প্রকৃতিপ্রেমী অনুপ পাটকাই লৈ "সেউজ কোৱঁৰ" উপাধি প্রদান। সোণাৰিৰ প্ৰকৃতিপ্রেমী অনুপ পাটকাইলৈ "মানুহে মানুহৰ বাবে" গ্ৰুপৰ তৰফৰ পৰা দেওবাৰে সন্ধিয়া ৬ ৩০ বজাত এই উপাধি প্ৰদান কৰে। লেখাপানী কেনিয়া গাঁৱত মানুহে মানুহৰ বাবে গ্ৰুপৰ তৰফৰপৰা আনুষ্ঠানিকভাৱে এই সন্মান প্ৰদান কৰে প্রকৃতিপ্রেমী গৰাকীলৈ। তেখেতৰ এই সন্মান লাভৰ খবৰে চৰাইদেউবাসীক উৎফুল্লিত কৰিছে। > উল্লেখযোগ্য যে, অনুপ পাটকাইয়ে দীর্ঘ দিনৰে পৰা পৰিৱেশ ৰক্ষাৰ বাবে বিভিন্ন পদক্ষেপ হাতত লৈ আহিছিল।