সোণাৰি: সোণাৰিৰ চৰাইপুং তিনিআলিত অসম-অৰুণাচল সংযোগী পথ নিৰ্মাণৰ দাবীত ৰাইজৰ প্ৰতিবাদ
সোণাৰি চৰাইপুং তিনি আলিত অসম-অৰুণাচলৰ লগত সংযোগী জৰাজীৰ্ণ পথটো নিৰ্মাণ কৰিবলৈ দেওবাৰে ৩-৩০বজাত ৰাইজে পথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰে।উল্লেখ্য যে অসম-অৰুণাচল সীমান্তৱৰ্ত্তী ঐতিহাসিক লাহদৈগড় চৰাইপুং তিনি আলিৰ পৰা অসম-অৰুণাচল লংডিঙৰ লগত একমাত্ৰ সংযোগী প্ৰায় ২কিলোমিটাৰ পথটো অসম চৰকাৰৰ গড়কাপ্টানী বিভাগীয় কৰ্তৃপক্ষৰ চূড়ান্ত গাফিলতিত অসম-অৰুণাচল পথটো পকা ভাঙি প্ৰকাণ্ড প্ৰকাণ্ড পুখুৰী সদৃশ" দ"গাঁত সৃষ্টি হৈছে।।যাতায়তৰ বাবে ৰাইজে জীয়াতু ভুগিব লগা হৈছে।