*০৯-নগাঁও সংসদীয় সমষ্টিৰ উপ-নিৰ্বাচনৰ গণনা কৰ্মচাৰীৰ দ্বিতীয় পৰ্যায়ৰ ৰেণ্ডমাইজেচন সম্পন্ন*
মৰিগাঁও, ৮ অক্টোবৰঃ কাইলৈ (৯ অক্টোবৰ) অনুষ্ঠিত হ’বলগীয়া ভোটগণনা প্ৰক্ৰিয়াৰ প্ৰস্তুতিৰ অংশ হিচাপে আজি মৰিগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ত ০৯-নগাঁও সংসদীয় সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে নিযুক্ত গণনা কৰ্মচাৰীৰ দ্বিতীয় পৰ্যায়ৰ ৰেণ্ডমাইজেচন সম্পন্ন কৰা হয়।
এই ৰেণ্ডমাইজেচন প্ৰক্ৰিয়া মাননীয় কাউণ্টিং অবজাৰ্ভাৰ শ্ৰী এছ. অৰুণৰাজ, আইএএছ আৰু মৰিগাঁও জিলাৰ জিলা আয়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া শ্ৰীমতী সৃষ্টি সিংহ, আইএএছৰ উপস্থিতিত সম্পন্ন হয়।
অনুষ্ঠানত লাহৰীঘাটৰ চিডিচি শ্ৰী অনুৰাগ ফুকন, এচিএছ; জাগীৰোডৰ চিডিচি শ্ৰী হৃদয় কুমাৰ দাস, এচিএছ; অতিৰিক্ত জিলা আয়ুক্ত শ্ৰী ৰাকেশ ডেকা, এচিএছ, শ্ৰী উদয় শংকৰ দত্ত, এচিএছ আৰু ডা° নীলাক্ষী বৈশ্য, এচিএছ; নিৰ্বাচনী বিষয়া শ্ৰীমতী গুঞ্জনা শইকীয়া, এচিএছ; সহকাৰী আয়ুক্ত শ্ৰীমতী অংকিতা দত্ত, এচিএছ, আৰু শ্ৰীমতী মৃগাক্ষী বৰুৱা, এচিএছৰ লগতে আন সংশ্লিষ্ট বিষয়াসকল উপস্থিত থাকে।