নগাঁও: ৫.৭ প্ৰাবল্যত অহা ভূমিকম্পৰ ফলত জুৰীয়াৰ দগাওঁৰ ব্লক মাৰ্কেট অঞ্চলত একাংশ দেৱালত ফাঁট
Nagaon, Nagaon | Sep 14, 2025 নগাঁও জিলাৰ জুৰীয়া অঞ্চলত ভূমিকম্পৰ জোকাৰণিৰ প্ৰভাৱ । ৫.৭ প্ৰাবল্যত অহা ভূমিকম্পৰ ফলত জুৰীয়াৰ দগাওঁৰ ব্লক মাৰ্কেট অঞ্চলত একাংশ দেৱালত ফাট মেলা দেখা গৈছে। আতঙ্কত ঘৰৰ পৰা ৰাস্তালৈ ওলাই অহাৰ পৰিস্থিতি সৃষ্টি হয় স্থানীয় ৰাইজৰ । যদিও কিছুমান দেৱালত ফাট মেলিছে, তথাপিও কোনো প্ৰাণহানিৰ ঘটনা বা কোনো লোক হতাহত হোৱা নাই বুলি নিশ্চিত কৰা হৈছে। ভূমিকম্পৰ অভিকেন্দ্ৰ চেকিয়াজুলিৰ পৰা ১৬ কি যি নিলগত বুলি জানিব পৰা গৈছে।