তিনিচুকীয়া: চহৰৰ আই টি আই খেলপথাৰত ভূপেন হাজৰিকাৰ স্মৃতি দিৱস উপলক্ষে কৰা আখৰা অনুষ্ঠানত উপস্থিত বিধায়ক সঞ্জয় কিষান
তিনিচুকীয়া চহৰৰ আই টি আই খেলপথাৰত জিলা প্ৰশাসনৰ উদ্যোগত অহা কাইলৈ অনুষ্ঠিত হবলগীয়া ভূপেন হাজৰিকাৰ স্মৃতি দিৱস অনুষ্ঠানৰ সভাস্থলীত মঙ্গলবাৰে সন্ধ্যা প্ৰায় ৭ বজালৈকে চূড়ান্ত আখৰা অনুষ্ঠিত হয় । আখৰা কাৰ্য্যসূচীত জিলাখনৰ সকলো প্ৰান্তৰ শিল্পীসকলে অংশগ্ৰহণ কৰে । তদুপৰি তিনিচুকীয়াৰ বিধায়ক শ্ৰীযুত সঞ্জয় কিশান, জিলা আয়ুক্ত স্বপ্নিল পাল ,পদ্মশ্ৰী দুলাল মানকি, জিলা উন্নয়ন আয়ুক্ত পৱিত্ৰ কুমাৰ দাস, অতিৰিক্ত আয়ুক্ত পঙ্কজ চমুৱা আদিও এই চূড়ান্ত আখৰাত উপস্থিত থাকে।