সোণাৰি: বিজেপিৰ বিৰুদ্ধে একগোট হৈ বিজেপিক ভয় খুৱাবলৈ সোণাৰিৰ বেঙেনাবাৰী লুখুৰাখনত ৰাইজক আহ্বান সাংসদ গৌৰৱ গগৈৰ
সোণাৰি সমষ্টিৰ বেঙেনাবাৰী লুখুৰাখনত অনুষ্ঠিত নিৰ্বাচনী সভাত আজি অংশগ্ৰহণ কৰে সাংসদ তথা এইবাৰৰ যোৰহাট লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈয়ে । কংগ্ৰেছৰ লগতে অসম জাতীয় পৰিষদ, ৰাইজৰ দলৰ কৰ্মীসকলৰ উপস্থিতিত নিৰ্বাচনী প্ৰচাৰ চলাই ভাষণ প্ৰসংগত গৌৰৱ গগৈয়ে কয়, এইবাৰ লোকসভা নিৰ্বাচনক লৈ বিজেপিয়ে ভয় খাইছে আৰু অলপ ভয় খুৱাব লাগিব। লগতে সকলো ৰাইজক বিজেপিৰ বিৰুদ্ধে একগোট হৈ বিজেপিক ভয় খুৱাবলৈ আহ্বান জনাই।