সাপেখাতী: বৰহাটত বিজেপি বৰহাট মণ্ডল, যুৱ মৰ্চা আৰু মহিলা মৰ্চাৰ উদ্যোগত বুথে বুথে নিৰ্বাচনী সভা সম্পন্ন
বৰহাটত লোকসভা নিৰ্বাচনৰ দিন যিমানেই চাপি আহিছে সিমানে বিভিন্ন ৰাজনৈতিক দলৰ তৎপৰতা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। আনহাতে বৰহাট মণ্ডল, মহিলা মৰ্চা, যুৱ মৰ্চাৰ উদ্যোগত নিৰ্বাচনী সভা অনুষ্ঠিত হয়। সভাত যুৱ মৰ্চা, চৰাইদেউ জিলা সমিতিৰ সভাপতি ৰূপম গগৈ, বৰহাট মণ্ডলৰ সভানেত্ৰী পূৰবী দুৱৰা গগৈ, মহিলা মৰ্চা বৰহাট মণ্ডলৰ সভানেত্ৰী সংগীতা গগৈ প্ৰমুখ্যে কেইবাজনো লোকে অংশগ্ৰহণ কৰে।