সাপেখাতী: সোণালী পঞ্চায়তত প্ৰতিকূল বতৰকো নেওচি নিৰ্বাচনী প্ৰচাৰ চলালে বিজেপি প্ৰাৰ্থী তপন কুমাৰ গগৈয়ে
সোণালী পঞ্চায়তত প্ৰতিকূল বতৰকো নেওচি নিৰ্বাচনী প্ৰচাৰ চলালে বিজেপি প্ৰাৰ্থী তপন কুমাৰ গগৈয়ে। সোমবাৰে সন্ধিয়া ছয় বজাত বিজেপি চৰকাৰৰ উন্নয়নৰ শ্ল'গান দি তপন কুমাৰ গগৈয়ে ৰাইজক ভোট বিচাৰিলে ।আনহাতে সমান্তৰালভাৱে তপন কুমাৰ গগৈক জয়ী কৰিবলৈ দিন-ৰাতিয়ে নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে তপন কুমাৰ গগৈক ভোট দি জয়যুক্ত কৰিবলৈ ৰাইজক অনুৰোধ জনায়।