সাপেখাতী: বৰহাটৰ বিহুবৰত পখিলা মাৰ্ডি নামৰ এগৰাকী বোৱাৰী চিকিৎসালয়লৈ গৈ থকা পথত নিৰুদ্দেশ,অঞ্চলটোত চাঞ্চল্য
বৰহাট আৰক্ষী থানাৰ অন্তৰ্গত বিহুবৰ গাঁৱৰ নিৱাসী জগন্নাথ মাৰ্ডিৰ পত্নী পখিলা মাৰ্ডি নামৰ ২০ বছৰীয়া মহিলাগৰাকী চিকিৎসালয়লৈ গৈ থকা পথত নিৰুদ্দেশ হোৱাত সোমবাৰে আবেলি ১২বজাত বৰহাট আৰক্ষী থানাত পৰিয়ালে এজাহাৰ দিয়ে। নিৰুদ্দিষ্ট পখিলা মাৰ্ডিৰ কোনো সদাশয় ব্যক্তিয়ে সন্ধান পালে 84537 88733 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে।