সাপেখাতী: বৰহাট ন-কছাৰীৰ ৰঞ্জিত মোডী নামৰ এজন ব্যক্তি বহিঃৰাজ্যত চাকৰি কৰিবলৈ গৈ নিৰুদ্দেশ, পৰিয়ালৰ মন্তব্য
কেৰেলাত কাম কৰিবলৈ গৈ নিৰুদ্দেশ হয় ন-কছাৰীৰ এজন ব্যক্তি। বৰহাট আৰক্ষী থানাৰ অন্তৰ্গত ন-কছাৰী গাঁৱৰ ৰঞ্জিত মোডী নামৰ এজন ব্যক্তি কেৰেলাত কাম কৰিবলৈ গৈ নিৰুদ্দেশ হোৱা ঘটনাই অঞ্চলটোত চাঞ্চল্য সৃষ্টি কৰিছে। জানিব পৰা অনুসৰি, ন-কছাৰী গাঁৱৰ অতি দৰিদ্ৰ পৰিয়ালটোক পোহপাল দিয়া ৰঞ্জিত মোডীয়ে কেৰেলাৰ পান কোৰ্ট থানাৰ সমীপৰ নিজৰ ৰুমৰ পৰা গৈ থকা অৱস্থাত নিৰুদ্দেশ হয়।