মৰিগাঁৱত জাগীৰোডৰ আকস্মিক বান সমস্যা প্ৰশমনৰ বাবে বৈঠক
মৰিগাঁও, ১৮ আগষ্ট ২০২৬: জাগীৰোড চহৰত পুনৰাবৃত্তি হৈ থকা আকস্মিক বানৰ সমস্যা প্ৰশমনৰ বাবে গ্ৰহণ কৰিবলগীয়া ব্যৱস্থা সন্দৰ্ভত আজি মৰিগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মিলন কক্ষত এখন বৈঠক অনুষ্ঠিত হয়।
বৈঠকখনত মৰিগাঁও জিলাৰ জিলা আয়ুক্ত শ্ৰীমতী সৃষ্টী সিং, আই এ এছ-এ সভাপতিত্ব কৰে। বৈঠকত জাগীৰোডৰ সহ-জিলা আয়ুক্ত তথা এ চি এছ বিষয়া শ্ৰী হৃদয় কুমাৰ দাসৰ লগতে বন বিভাগ, লোকনিৰ্মাণ বিভাগ (PWD) আৰু পঞ্চায়ত আৰু গ্ৰামোন্নয়ন (PRI) প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰে।বৈঠকত জাগীৰোড চহৰৰ বানপ্ৰৱণ তথা স্পৰ্শকাতৰ অঞ্চলসমূহ চিনাক্ত কৰা, ফলপ্ৰসূ নলা-নৰ্দমা ব্যৱস্থা শক্তিশালী কৰা আৰু আকস্মিক বান প্ৰশমনৰ বাবে সংশ্লিষ্ট বিভাগসমূহৰ মাজত সমন্বিত ব্যৱস্থা গ্ৰহণৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়।