সোণাৰি: নাফুক চাহ বাগিছাত অনুষ্ঠিত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ মন্ত্ৰী পিয়ুষ হাজৰিকাৰ
সোণাৰি বিধানসভা সমষ্টিত ৬খনকৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি নাফুক চাহ বাগিছাত অন্তিমখন সভাত অংশগ্ৰহণ কৰে মন্ত্ৰী পিয়ুষ হাজৰিকাই। সভাত মন্ত্ৰীগৰাকীৰ লগতে সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, জিলা বিজেপিৰ সভাপতি লক্ষীনাথ তাছাৰ উপৰিও বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে।