সোণাৰি: যোৰহাটত তপন কুমাৰ গগৈ আঢ়ৈ লাখ ভোটৰ ব্যৱধানত জয়ী হ'ব, সোণাৰিত মন্তব্য মন্ত্ৰী পীযুষ হাজৰীকাৰ
যোৰহাটত তপন কুমাৰ গগৈ আঢ়ৈ লাখ ভোটৰ ব্যৱধানত জয়ী হ'ব। গৌৰৱ গগৈৰ সভাত মানুহেই নাই বুলি কটাক্ষ মন্ত্ৰী গৰাকীৰ । এইকেইটা দিন মই যোৰহাটতে আছো। কংগ্ৰেছৰ মিটিঙত মানুহেই নহয়, আমাৰ মিটিঙত মানুহেই মানুহ। মই প্ৰতিদিনে দহ হেজাৰ মানুহক লগ পাওঁ, কিন্তু গৌৰৱ গগৈয়ে বেছিকৈ বেছি এক হেজাৰ লোকক লগ পায়। সোণাৰিত আজি নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিলে সাংবাদিকৰ আগত ক'লে মন্ত্ৰী পীয়ুষ হাজৰিকাই।